গুৱাহাটী, ১৯ নৱেম্বৰ: অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ২০২৭ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী প্ৰকাশ কৰিছে। সূচী অনুসৰি ১২ মাৰ্চৰ পৰা আৰম্ভ হ'বলগীয়া পৰীক্ষা ৫ এপ্ৰিলত সামৰণি পৰিব।

পৰীক্ষাসমূহ দুটা ভাগত অনুষ্ঠিত হ'ব। পুৱাৰ ভাগৰ পৰীক্ষা পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ আৰু বিয়লিৰ ভাগৰ পৰীক্ষা দিনৰ ১.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ অনুষ্ঠিত হ'ব।

পৰীক্ষাৰ সময়সূচী

ASSEB releases 2027 Higher Secondary final examination timetable
ASSEB releases 2027 Higher Secondary final examination timetable

১২ মাৰ্চত বিয়লিৰ ভাগত ইংৰাজী বিষয়ৰ পৰীক্ষাৰে এইবাৰৰ পৰীক্ষা আৰম্ভ হ’ব। ১৩ মাৰ্চত উদ্যোগ বিকাশ, ১৫ মাৰ্চত MIL/বিকল্প ইংৰাজী, ১৬ মাৰ্চত অৰ্থনৈতিক ভূগোল/চাৰুকলা আৰু ১৭ মাৰ্চত অৰ্থনীতি বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব।

১৮ মাৰ্চত পুৱাৰ ভাগত সংগীত গোট আৰু বিয়লিৰ ভাগত কম্পিউটাৰ বিজ্ঞান আৰু প্ৰয়োগৰ পৰীক্ষা অনুষ্ঠিত হ’ব। ১৯ মাৰ্চত পুৱাৰ ভাগত কৃত্ৰিম বুদ্ধিমত্তা/বিহু আৰু বিয়লিৰ ভাগত মাল্টিমিডিয়া আৰু ৱেব প্ৰযুক্তিৰ পৰীক্ষা থাকিব। ২০ মাৰ্চত পুৱাৰ ভাগত ব্যৱসায় অধ্যয়ন আৰু বিয়লিৰ ভাগত ৰসায়ন বিজ্ঞান/শিক্ষা বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব।

ইয়াৰ পাছত ২৪ মাৰ্চত বিয়লিৰ ভাগত পদাৰ্থ বিজ্ঞান, হিচাপবিজ্ঞান আৰু ৰাজনীতি বিজ্ঞানৰ পৰীক্ষা অনুষ্ঠিত হ’ব। ২৫ মাৰ্চত পুৱাৰ ভাগত দক্ষতা (গোট A) আৰু বিয়লিৰ ভাগত সম্প্ৰদায় বিজ্ঞানৰ পৰীক্ষা থাকিব। ২৭ মাৰ্চত বিয়লিৰ ভাগত জীৱবিজ্ঞান, বীমা আৰু বুৰঞ্জী বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব।

২৯ মাৰ্চত পুৱাৰ ভাগত মনোবিজ্ঞান আৰু বিয়লিৰ ভাগত যুক্তিবিদ্যা আৰু দৰ্শনৰ পৰীক্ষা অনুষ্ঠিত হ’ব। ৩০ মাৰ্চত পুৱাৰ ভাগত আৰবী, পাৰ্চী, সংস্কৃত আৰু টাই ভাষা তথা বিয়লিৰ ভাগত উন্নত ভাষাসমূহৰ পৰীক্ষা থাকিব। ৩১ মাৰ্চত পুৱাৰ ভাগত দক্ষতা (গোট B) আৰু বিয়লিৰ ভাগত গণিতৰ পৰীক্ষা অনুষ্ঠিত হ’ব।

এপ্ৰিল মাহৰ ১ তাৰিখে বিয়লিৰ ভাগত নৃতত্ত্ব, বিক্ৰী ব্যৱস্থাপনা আৰু বিজ্ঞাপন; ২ তাৰিখে ব্যৱসায়িক গণিত আৰু পৰিসংখ্যা/ভূগোল; ৩ তাৰিখে পুৱাৰ ভাগত স্বদেশ অধ্যয়ন আৰু বিয়লিৰ ভাগত পৰিসংখ্যাৰ পৰীক্ষা অনুষ্ঠিত হ’ব। ৫ এপ্ৰিলত পুৱাৰ ভাগত ভূতত্ত্ব/সমাজতত্ত্ব আৰু বিয়লিৰ ভাগত বিত্ত/বিত্তীয় সাক্ষৰতাৰ পৰীক্ষাৰে ২০২৭ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সামৰণি পৰিব।