গোৱালপাৰা জিলাৰ ৰাজপথত জিলা প্ৰশাসন আৰু আৰক্ষীয়ে যৌথভাৱে এক বিশেষ অভিযান চলায়। জিলাখনৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে নিজেই ৰাজপথত নামি হেলমেট নিপিন্ধাকৈ মটৰচাইকেল চলোৱা লোকসকলক তীব্ৰ সকীয়নি প্ৰদান কৰে।
শেহতীয়াকৈ কাজিৰঙাত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাৰ পাছতেই গোৱালপাৰা জিলা প্ৰশাসন অধিক কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে। পথ সুৰক্ষাৰ নিয়ম উলংঘা কৰা চালকসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ অংশ হিচাপে এই অভিযান চলোৱা হয়।
অভিযানকালত হেলমেট অবিহনে বাইক চলোৱা চালকসকলক জিলা প্ৰশাসনে নীতি-নিয়ম মানি চলিবলৈ কঠোৰভাৱে সতৰ্ক কৰি দিয়ে।