শ্ৰীভূমি: শ্ৰীভূমি জিলাৰ উত্তৰ কৰিমগঞ্জত অনুষ্ঠিত এখন ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেল খেল চলি থকাৰ মাজতে দুয়োটা দলৰ খেলুৱৈৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়। খেল চলি থকাৰ সময়তে খেলুৱৈসকলৰ মাজত হোৱা এই সংঘৰ্ষৰ বাবে খেলপথাৰত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।
প্ৰত্যক্ষদৰ্শীৰ মতে, খেলপথাৰতে দুয়োটা দলৰ খেলুৱৈসকল হঠাৎ হতাহতিত লিপ্ত হৈ পৰে। এই মাৰপিটত কেইবাজনো খেলুৱৈ আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে। ঘটনাটোৰ ফলত খেলপথাৰত উপস্থিত দৰ্শক আৰু খেলুৱৈসকলৰ মাজত হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয়।
পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ পৰাত খেলপথাৰত ততাতৈয়াকৈ আৰক্ষীৰ দল প্ৰৱেশ কৰে। আৰক্ষীয়ে উভয় পক্ষক শান্ত কৰি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে।
এই অনাকাংক্ষিত সংঘাতৰ বাবে খেলখন প্ৰায় ২০ মিনিট স্থগিত ৰাখিবলগীয়া হয়।