গুৱাহাটী, ২ নৱেম্বৰ: SBIৰ এটা বেংক একাউণ্টত ৪৭ দিনৰ ভিতৰত লাখ লাখ টকাৰ সন্দেহজনক লেনদেনৰ সূত্ৰ ধৰি অসম আৰক্ষীৰ STF-এ গুৱাহাটীৰ পৰা এগৰাকী মহিলাসহ ছয়জন লোকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ মতে, অভিযুক্তসকলৰ বিৰুদ্ধে মিউল বেংক একাউণ্ট ব্যৱহাৰ কৰি চাইবাৰ প্ৰৱঞ্চনাৰ জাল চলোৱাৰ অভিযোগ আছে। এই ঘটনাৰ সৈতে পাকিস্তানৰ Intelligence Operativesৰ সম্ভাব্য সম্পৰ্কৰ সন্দেহো প্ৰকাশ কৰিছে আৰক্ষীয়ে।
কেন্দ্ৰীয় সংস্থাৰ পৰা লাভ কৰা চোৰাংচোৱা তথ্যৰ ভিত্তিত ২৮ অক্টোবৰত STF-এ অভিযান আৰম্ভ কৰে। পৰৱৰ্তী তিনিদিনত গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা ছয়জনক গ্ৰেপ্তাৰ কৰা হয়।
গ্ৰেপ্তাৰ হোৱা লোককেইজন হৈছে—মফিজুল হক (২২), হিমাংশু দাস (১৯), মাৰ্জিনা বেগম, ৰাকিব হুছেইন (৩৪), ইফতাৰ হুছেইন (২৫) আৰু আৰমান আজুজ হক (২০)।
অসম আৰক্ষীৰ বিবৃতি অনুসৰি, শোণিতপুৰ জিলা আৰক্ষীয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত STF-এ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিল। প্ৰাথমিক তদন্তত প্ৰকাশ পোৱা মতে, অভিযুক্ত মাৰ্জিনা বেগমৰ SBI একাউণ্টত ২০২৬ চনৰ ২২ জুনৰ পৰা ৫ আগষ্টলৈ মাত্ৰ ৪৭ দিনৰ ভিতৰত লাখ লাখ টকা জমা হৈছিল। প্ৰতিটো ধন জমা হোৱাৰ পিছতে প্ৰায় তৎক্ষণাত সেই ধন উলিয়াই লোৱা হৈছিল। এই লেনদেনৰ ধৰণক সন্দেহজনক বুলি গণ্য কৰিছে তদন্তকাৰীয়ে।
তদন্তত মফিজুল হক আৰু হিমাংশু দাসৰ নামো উক্ত একাউণ্টৰ সৈতে জড়িত সন্দেহজনক লেনদেনত পোহৰলৈ আহে। আৰক্ষীৰ সন্দেহ, এই লেনদেনৰ সৈতে পাকিস্তানৰ এগৰাকী Intelligence Operativeৰ সম্পৰ্ক থাকিব পাৰে।
২৮ অক্টোবৰৰ অভিযানত মাৰ্জিনা বেগমসহ তিনিজনক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ পৰা ম’বাইল ফোন আৰু আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰা হয়। জেৰাৰ সময়ত মফিজুল আৰু হিমাংশুৱে এই চক্ৰৰ সৈতে জড়িত আন কেইবাজনো লোকৰ নাম প্ৰকাশ কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
সেই তথ্যৰ ভিত্তিত ২৯ অক্টোবৰত ৰাকিব হুছেইনক আৰু ৩০ অক্টোবৰত ইফতাৰ হুছেইন আৰু আৰমান আজুজ হকক গ্ৰেপ্তাৰ কৰা হয়। ঘটনাৰ সৈতে পাকিস্তানৰ সম্ভাব্য সম্পৰ্ক আৰু চাইবাৰ প্ৰৱঞ্চনাৰ জালৰ বিস্তৃতি সম্পৰ্কে STFৰ তদন্ত অব্যাহত আছে।