শিলচৰ: কাছাৰ জিলাৰ শিলচৰত ৯ বছৰীয়া এগৰাকী শিশুক বাৰে বাৰে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত ৩২ বছৰীয়া এজন ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ইফালে ঘটনা সন্দৰ্ভত শিশুটিৰ মাতৃয়ে দিয়া অভিযোগৰ পিছতো প্ৰাথমিক পৰ্যায়ত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে ৰঙিৰখাৰী আৰক্ষী চকীৰ দুজন আৰক্ষী কৰ্মীক নিলম্বন কৰা হৈছে।

জানিব পৰা মতে, যোৱা ১১ নৱেম্বৰত শিশুটি অসুস্থ হৈ পৰাত মাতৃয়ে চিকিৎসকৰ ওচৰলৈ লৈ যায়। চিকিৎসকে শিশুটিক পৰীক্ষা কৰি যৌন নিৰ্যাতনৰ বলি হোৱাৰ সন্দেহ প্ৰকাশ কৰে। ইয়াৰ পিছতে মাতৃগৰাকীয়ে ৰঙিৰখাৰী আৰক্ষী চকীত উপস্থিত হৈ লিখিত অভিযোগ দাখিল কৰে। কিন্তু অভিযোগ দিয়াৰ পিছতো আৰক্ষীয়ে কোনো এজাহাৰ পঞ্জীয়ন নকৰিলে আৰু শিশুটিৰ স্বাস্থ্য পৰীক্ষাৰো কোনো ব্যৱস্থা নকৰিলে বুলি মাতৃগৰাকীয়ে অভিযোগ তোলে।

মাতৃগৰাকীয়ে জনোৱা মতে, অভিযুক্ত ব্যক্তিজনৰ সৈতে তেওঁৰ ব্যক্তিগত সম্পৰ্ক আছিল আৰু দুয়োৰে বিবাহৰ কথাও চলিছিল। শিশুটিয়েও লোকজনক 'দেউতা' বুলি মাতিছিল আৰু বিশ্বাস কৰিছিল। কিন্তু সেই সুযোগ লৈ অভিযুক্তই শিশুটিক বাৰে বাৰে যৌন নিৰ্যাতন চলাই আহিছিল। ভয়-ভাবুকিৰ বাবেই শিশুটিয়ে ইমানদিনে এই বিষয়ে মাতৃক একো জনোৱা নাছিল।

ৰঙিৰখাৰী আৰক্ষী চকীৰ পৰা কোনো সঁহাৰি নোপোৱাত মাতৃগৰাকীয়ে কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) পি পি শইকীয়াৰ কাষ চাপে। তেওঁক নতুনকৈ অভিযোগ-পত্ৰ দাখিল কৰাৰ পিছতে সোমবাৰে পকছো (POCSO) আইনৰ অধীনত এটা গোচৰ ৰুজু কৰা হয়।

গোচৰ ৰুজু হোৱাৰ উমান পাই অভিযুক্তই শিলচৰ চহৰ এৰি পলায়নৰ চেষ্টা চলায়। আৰক্ষীৰ এটা দলে অভিযান চলাই ৰংপুৰ অঞ্চলৰ পৰা অভিযুক্তক আটক কৰি পিছত গ্ৰেপ্তাৰ কৰে। ভুক্তভোগী শিশুটিক ইতিমধ্যে স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

অভিযোগ লাভ কৰাৰ পিছতো তাৎক্ষণিকভাৱে কোনো ব্যৱস্থা নোলোৱাৰ বাবে ৰঙিৰখাৰী আৰক্ষী চকীৰ উপ-পৰিদৰ্শক অনন্ত সিনহা আৰু কনিষ্টবল হৰিপদ ৰায়ক নিলম্বন কৰা হৈছে বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক পি পি শইকীয়াই জনায়। কৰ্তব্যত গাফিলতি কৰা দুয়োগৰাকী আৰক্ষীৰ বিৰুদ্ধে ইতিমধ্যে বিভাগীয় তদন্ত আৰম্ভ কৰা হৈছে।