গুৱাহাটী, ১৫ নৱেম্বৰ: অসমৰ বানপানী আৰু গৰাখহনীয়াৰ সমস্যা মোকাবিলা কৰাৰ লগতে পৰিকল্পিত উন্নয়নৰ লক্ষ্যৰে ‘অসম বানপানী সমভূমি অঞ্চল নিৰ্ধাৰণ বিধেয়ক, ২০২৬’ প্ৰস্তাৱ কৰা হৈছে। দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে বিধেয়কখনৰ উদ্দেশ্য আৰু বিভিন্ন দিশ প্ৰকাশ কৰে।
মুখ্যমন্ত্ৰীগৰাকীৰ মতে, প্ৰস্তাৱিত আইনখনৰ জৰিয়তে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ অৱবাহিকাৰ বৈজ্ঞানিক মানচিত্ৰ প্ৰস্তুত কৰা হ’ব। বানপানীৰ বিপদাশংকা থকা অঞ্চলসমূহ চিনাক্ত কৰি সেই অনুসৰি ভূমিৰ ব্যৱহাৰ আৰু নিৰ্মাণকাৰ্য নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা হ’ব।
ইয়াৰ বাবে লাইডাৰ প্ৰযুক্তি আৰু উপগ্ৰহভিত্তিক মানচিত্ৰ ব্যৱহাৰৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। বিধেয়কখনত বানপানীৰ আশংকাৰ ভিত্তিত অঞ্চলসমূহক নিষিদ্ধ, নিয়ন্ত্ৰিত আৰু অনিয়ন্ত্ৰিত—এই তিনিটা ভাগত বিভক্ত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।
নদীৰ মূল সুঁতি আৰু সক্ৰিয় জলপ্ৰবাহৰ অঞ্চলত কোনো ধৰণৰ নিৰ্মাণকাৰ্যৰ অনুমতি দিয়া নহ’ব। নিয়ন্ত্ৰিত অঞ্চলত নিৰ্মাণৰ ক্ষেত্ৰত ওখ ভেটি আৰু বানপানী-প্ৰতিৰোধী নিৰ্মাণশৈলী বাধ্যতামূলক কৰাৰ প্ৰস্তাৱ আছে। আনহাতে, বানৰেখাৰ বাহিৰৰ অঞ্চলত স্বাভাৱিক উন্নয়নমূলক কাম-কাজৰ অনুমতি থাকিব।
প্ৰস্তাৱিত বিধেয়কখনত বৰ্তমানৰ বৈধ সম্পত্তিৰ গৰাকীসকলৰ স্বাৰ্থ সুৰক্ষাৰ ব্যৱস্থাও ৰখা হৈছে। লগতে, যিকোনো সিদ্ধান্তৰ পূৰ্বে ৬০ দিনীয়া ৰাজহুৱা শুনানি আৰু আপত্তি দাখিলৰ সময়সীমা থাকিব। আপীল দাখিলৰ বাবে অনলাইন আৰু প্ৰত্যক্ষ—দুয়োটা ব্যৱস্থা ৰখাৰ প্ৰস্তাৱ দিয়া হৈছে।
মুখ্যমন্ত্ৰীয়ে জনোৱা মতে, এই উদ্যোগৰ বাবে বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্প আৰু অনুদানৰ জৰিয়তে পুঁজি সংগ্ৰহৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ ফলত ৰাজ্য চৰকাৰৰ ওপৰত অতিৰিক্ত বিত্তীয় বোজা নপৰাকৈ কেন্দ্ৰীয় অনুমোদন আৰু জলশক্তি মন্ত্ৰালয়ৰ পৰা পুঁজি লাভৰ পথো প্ৰশস্ত হ’ব বুলি আশা কৰা হৈছে।