জাগীৰোড, ১৫ নৱেম্বৰ:
জাগীৰোডৰ মনহাতত দেওবাৰে পুৱা পথৰ কাষৰ এটা দ খাৱৈত পৰি থকা নিজৰ ছুইফ্ট বাহনৰ ভিতৰত এজন চালকৰ মৃতদেহ উদ্ধাৰ হৈছে। মৃত চালকজনক মৰিগাঁও জিলাৰ দলবাৰীৰ আশ্ৰাফুল ইছলাম বুলি চিনাক্ত কৰা হৈছে।গুৱাহাটীৰ পৰা উভতি অহাৰ সময়ত বাহনখনত থকা এজন লোকৰ আচৰণক লৈ সন্দেহ প্ৰকাশ কৰিছিল চালক আশ্ৰাফুলে।
এএছ-০৪কে-৫০৫১ নম্বৰৰ বাহনখন খাৱৈত পৰি থকা অৱস্থাত উদ্ধাৰ হয়। ঘটনাৰ খবৰ লাভ কৰি জাগীৰোড আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে বাহনখনৰ লগতে আশ্ৰাফুলৰ মৃতদেহ উদ্ধাৰ কৰে।
পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে, শনিবাৰে বুৰাবুৰীৰ পৰা কেইবাজনো লোকে বাহনখন ভাড়ালৈ লৈ গুৱাহাটীলৈ গৈছিল। গুৱাহাটীৰ পৰা উভতি অহাৰ সময়ত বাহনখনত থকা এজন লোকৰ আচৰণক লৈ আশ্ৰাফুলে সন্দেহ প্ৰকাশ কৰিছিল।
সন্দেহ হোৱা লোকজনৰ ফোন নম্বৰ আৰু এখন ফটো আশ্ৰাফুলে তেওঁৰ পত্নীলৈ প্ৰেৰণ কৰিছিল বুলি পৰিয়ালৰ লোকে জনাইছে। সন্দেহ হোৱা লোকজনৰ ফোন নম্বৰ আৰু এখন ফটো আশ্ৰাফুলে পত্নীলৈ প্ৰেৰণ কৰিছিল বুলি জানিব পৰা গৈছে। কিন্তু তাৰ পাছৰে পৰা বন্ধ হৈ পৰে আশ্ৰাফুলৰ ম’বাইল ফোন। ইয়াৰ পিছতে দেওবাৰে পুৱা মনহাত পথৰ কাষৰ দ খাৱৈত বাহনখন পৰি থকা অৱস্থাত উদ্ধাৰ হয়।
ঘটনাস্থলীত আৰক্ষী, তদন্তৰ দাবী
ঘটনাৰ খবৰ লাভ কৰি জাগীৰোড আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে বাহনখনৰ লগতে চালকজনৰ মৃতদেহ উদ্ধাৰ কৰে। ঘটনাটোৰ উচিত তদন্ত কৰি মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ অনাৰ দাবী জনাইছে পৰিয়ালৰ লোকে।আশ্ৰাফুলৰ মৃত্যুক দুৰ্ঘটনা বুলি মানি ল’বলৈ অস্বীকাৰ কৰিছে পৰিয়ালৰ লোকে। তেওঁলোকৰ অভিযোগ, আশ্ৰাফুলক হত্যা কৰি ঘটনাটোক দুৰ্ঘটনাৰ ৰূপ দিবলৈ বাহনখন খাৱৈত ঠেলি পেলাই দিয়া হৈছে। অৱশ্যে এই অভিযোগ এতিয়াও তদন্তত প্ৰমাণিত হোৱা নাই।