১৫ নৱেম্বৰ: কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত দুগৰাকী ব্যক্তিৰ স্বাস্থ্যৰ উন্নতি ঘটিছে। যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ জেএমচিএইচত চিকিৎসাধীন দুয়োগৰাকী আহতক চিকিৎসকে ঘৰলৈ উভতি যাবলৈ অনুমতি দিছে।
চিকিৎসালয়ৰ পৰা ঘৰলৈ যোৱাৰ অনুমতি লাভ কৰাত আহত দুগৰাকীৰ পৰিয়ালৰ মাজত স্বস্তিৰ সৃষ্টি হৈছে।
ইফালে, এই দুৰ্ঘটনাত আহত আন ১৬ গৰাকী যাত্ৰী বৰ্তমানেও জেএমচিএইচত চিকিৎসাধীন হৈ আছে। ইয়াৰে ৮ গৰাকী সংকটজনক অৱস্থাত নিবিড় পৰিচৰ্যা কক্ষত চিকিৎসাধীন বুলি জানিব পৰা গৈছে।
ৰঙাজানত ট্ৰেভেলাৰ আৰু কণ্টেইনাৰ ট্ৰাকৰ মুখামুখি সংঘৰ্ষত নিহতৰ সংখ্যা ২৬ জনলৈ বৃদ্ধি পাইছিল। নিহত ২১ জনৰ পৰিচয় প্ৰকাশ কৰা হৈছিল।
১৬ গৰাকী যাত্ৰী বৰ্তমানেও জেএমচিএইচত চিকিৎসাধীন, ৮ জন জেনেৰেল ৱাৰ্ডত, ৮ জন ICU ৰ ভিতৰত আছে ।৮ জন জেনেৰেল ৱাৰ্ডত থকা লোক প্ৰায়েই সুস্থ হৈ উঠিছে, তেওঁলোকক এতিয়া অলপ চিনি পোৱা অথাৎ আঘাত সমূহ সুস্থ হৈ উঠিছে। ভেন্টিলেচনত ৩ গৰাকী আছে , তাৰে ২ গৰাকীক ভেন্টিলেচনৰ পৰা উলিওৱা হৈছে , তাৰে এজন ভেন্টিলেচনত নাই যদিও অৱস্থা অতি সংকটজনক। ICU ত থকা কেইজন কেতিয়া সুস্থ হ'ব তাক ক'ব পৰা নাযাব ২ জন সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে, আজি ঘৰলৈ যাবলৈ দিয়া হৈছে।
দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ উদঘাটনৰ বাবে ট্ৰেভেলাৰখনৰ চালক আৰু হেণ্ডিমেনৰ ভিচেৰা পৰীক্ষা কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে।