গুৱাহাটীঃ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ফাষ্ট ট্ৰেক আদালতত চলি থকা সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়াক লৈ বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰে যে এই গোচৰত এতিয়ালৈকে ১৬০গৰাকী সাক্ষীয়ে অভিযুক্তসকলৰ বিৰুদ্ধে আদালতত কোনো কথা কোৱা নাই। আনকি অমৃত প্ৰভাৰ বিৰুদ্ধেও কোনো সাক্ষীয়ে একো কোৱা নাই বুলি মন্তব্য কৰে তেওঁ।

মুখ্যমন্ত্ৰীয়ে কয়, “১৬০জন সাক্ষীয়ে কোৱা নাই অভিযুক্তৰ বিৰুদ্ধে কোনো কথা। অমৃত প্ৰভাৰ বিৰুদ্ধে এটা কথাও কোৱা নাই ১৬০জন সাক্ষীয়ে। আদালতত এটা কথা কৈছে আৰু বাহিৰত এটা বাইট দিছে।”

ন্যায়িক প্ৰক্ৰিয়াক লৈ প্ৰশ্ন উত্থাপন কৰাৰ বিষয়ত সতৰ্কবাণী দি মুখ্যমন্ত্ৰীয়ে কয় যে উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ৰ প্ৰক্ৰিয়াক প্ৰশ্ন কৰাটো কাৰো বাবে উচিত নহয়। অসম চৰকাৰে কেতিয়াও ন্যায়ালয়ৰ ওপৰত প্ৰশ্ন নকৰে বুলিও তেওঁ উল্লেখ কৰে।

তেওঁৰ ভাষ্য অনুসৰি, সাক্ষীয়ে তেওঁৰ সন্মুখত এটা কথা আৰু আদালতত আন এটা কথা ক’লে চৰকাৰৰ কৰিবলগীয়া একো নাথাকে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰাঞ্জল দাসৰ ৰায়দানৰ কথা উল্লেখ কৰে। তেওঁৰ দাবী, ৰায়দানত ১৬০গৰাকী সাক্ষীয়ে আদালতত একো নোকোৱাৰ কথা স্পষ্ট কৰা হৈছে।

ইয়াৰ উপৰি জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰি চলি থকা আন্দোলনৰ সৈতে জড়িত সাংস্কৃতিক জগতৰ এগৰাকী বিশিষ্ট ব্যক্তিকো লক্ষ্য কৰি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ দাবী কৰে যে সেই ব্যক্তিগৰাকীয়ে আদালতত গৈ জুবিনৰো ভুল আছিল বুলি কৈছে।

মুখ্যমন্ত্ৰীৰ এই মন্তব্যই জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া আৰু ন্যায় বিচাৰি চলি থকা আন্দোলনক লৈ নতুন বিতৰ্কৰ সূচনা কৰিছে।