← ই-কাকত ১ / ৭
NewzNow
ই-কাকত২৮ অক্টোবৰ ২০২৬অসম আৰু উত্তৰ-পূৰ্বৰ খবৰ
দেশ

চাৰি ৰাজ্যৰ MLC নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় প্ৰদৰ্শন, কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

দেশৰ চাৰিখন ৰাজ্যৰ বিধান পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছৰ বাবে আহিল মোক্ষম আঘাত। কৰ্ণাটকৰ চাৰিওখন আসনতে পৰাজয়ৰ সন্মুখীন হ’ল শাসকীয় কংগ্ৰেছ। আনহাতে, উত্তৰ প্ৰদেশত BJP-এ গুৰুত্বপূৰ্ণ আসন লাভ কৰাৰ বিপৰীতে সমাজবাদী পাৰ্টিয়েও নিজৰ উপস্থিতি শক্তিশালী কৰিছে। বিহাৰত জন সুৰাজ পাৰ্টিয়ে প্ৰথমবাৰৰ বাবে বিধান পৰিষদত আসন লাভ কৰি ৰাজনৈতিক মহলৰ দৃ...

অসম

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজ্যপালক সাক্ষাৎ গৰিমা শইকীয়া গাৰ্গসহ শিল্পী-অভিনেতাৰ দলৰ, উত্থাপন কৰিলে ৭টা দাবী

গুৱাহাটী, ২৮ অক্টোবৰঃ প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ন্যায়িক প্ৰক্ৰিয়া অধিক শক্তিশালী আৰু ক্ষিপ্ৰ কৰাৰ দাবীৰে অসমৰ ৰাজ্যপালক সাক্ষাৎ কৰিলে গৰিমা শইকীয়া গাৰ্...

দেশ

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাক লৈ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন, Form 6 সন্দৰ্ভত নিৰ্বাচন আয়োগক নিৰ্দেশ

নতুন দিল্লী, ২৮ অক্টোবৰঃ দিল্লীৰ ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধন (SIR) প্ৰক্ৰিয়াক লৈ ভাৰতৰ উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগক কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছ...

আন্তঃৰাষ্ট্ৰীয়

ইজৰাইলৰ নিৰ্বাচনত নেতানিয়াহুৰ শিবিৰৰ অগ্ৰগতি, চৰকাৰ গঠনৰ বাবে এতিয়াও অনিশ্চয়তা

জেৰুজালেম, ২৮ অক্টোবৰঃ ইজৰাইলৰ সাধাৰণ নিৰ্বাচনৰ ভোটগণনা অব্যাহত থকাৰ মাজতে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ নেতৃত্বাধীন শিবিৰে সামান্য অগ্ৰগতি লাভ কৰিছে। আনহাতে, তেওঁ...

— ১ —
NewzNow ই-কাকত২৮ অক্টোবৰ ২০২৬পৃষ্ঠা ২
দেশ

পশ্চিম এছিয়াৰ সংঘাতত ২২ জন ভাৰতীয়ৰ মৃত্যু: বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়

নতুন দিল্লী, ২৮ অক্টোবৰঃ পশ্চিম এছিয়াত চলি থকা যুদ্ধসদৃশ পৰিস্থিতিৰ ফলত যোৱা আঠ মাহত ২২জন ভাৰতীয় নাগৰিকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত ১৪জনেই নাৱিক। বুধবাৰে বৈদেশিক পৰিক্ৰমা...

ৰাজনীতি

কৰ্ণাটকৰ বিধান পৰিষদৰ চাৰিওখন আসনতে NDAৰ জয়! কংগ্ৰেছৰ শূন্য, তিনিখন আসন BJPৰ আৰু এখন JD(S)ৰ দখলত

বেংগালুৰু, ২৮ অক্টোবৰ: কৰ্ণাটকৰ বিধান পৰিষদৰ শিক্ষক আৰু স্নাতক সমষ্টিৰ চাৰিখন আসনৰ নিৰ্বাচনত আটাইকেইখন আসনতে জয়লাভ কৰিছে বিজেপি আৰু জনতা দল (ছেকুলাৰ)ৰ মিত্ৰজোঁট NDAই। ইয়া...

অসম

জুবিন গাৰ্গৰ ন্যায়! ৰাহুল গৌতম শৰ্মালৈ অখিল গগৈৰ পত্ৰ

গুৱাহাটী, ২৮ অক্টোবৰঃ প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীক অধিক শক্তিশালী কৰি তুলিবলৈ এক অৰাজনৈতিক ঐক্যমঞ্চ গঠনৰ আহ্বান জনাই ৰাহুল গৌতম শৰ্মালৈ পত্ৰ প্ৰেৰণ কৰিছে জুবিন...

দেশ

'আৰ্ণৱ'ৰ তাণ্ডৱ, ৩জনৰ মৃত্যু

নতুন দিল্লী, ২৮ অক্টোবৰঃ বংগোপসাগৰত সৃষ্টি হোৱা ‘আৰ্ণৱ’ ঘূৰ্ণীবতাহে বুধবাৰে পুৱা অন্ধ্ৰপ্ৰদেশৰ উপকূলত স্থলভাগত প্ৰৱেশ কৰে। ঘূৰ্ণীবতাহৰ প্ৰভাৱত অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশাৰ কে...

— ২ —
NewzNow ই-কাকত২৮ অক্টোবৰ ২০২৬পৃষ্ঠা ৩
দেশ

এপষ্টিন ফাইলছ বিতৰ্কৰ মাজতে মধ্যপ্ৰদেশৰ ৰাজ্যসভাৰ উপ-নিৰ্বাচনত হৰদীপ সিং পুৰীক প্ৰাৰ্থী কৰিলে বিজেপিয়ে

নতুন দিল্লী, ২৮ অক্টোবৰঃ আমেৰিকাৰ বিতৰ্কিত বিত্তীয় ব্যক্তি জেফ্ৰি এপষ্টিনৰ সৈতে হোৱা ই-মেইলৰ আদান-প্ৰদান আৰু সাক্ষাৎক লৈ বিতৰ্কৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীক...

অসম

এনকাউণ্টাৰৰ আশংকা! ঘনকান্ত গগৈৰ সুৰক্ষাক লৈ আদালতৰ কঠোৰ নিৰ্দেশ

গুৱাহাটী, ২৮ অক্টোবৰঃ গুৱাহাটীৰ হোটেল বিলাস ইনত সংঘটিত গুলীচালনাৰ ঘটনাৰ অভিযুক্ত ঘনকান্ত গগৈৰ সুৰক্ষা আৰু আইনী অধিকাৰ নিশ্চিত কৰিবলৈ আদালতে আৰক্ষীক কেইবাটাও নিৰ্দেশ দিছে।...

দেশ

‘ন্যায় ব্যৱস্থাত বিচাৰ প্ৰক্ৰিয়াই শাস্তিলৈ পৰিণত হয়’ — প্ৰাক্তন ন্যায়াধীশ সঞ্জয় কৌল

নতুন দিল্লী: দেশৰ ন্যায় ব্যৱস্থাত দীঘলীয়া আইনী প্ৰক্ৰিয়াই কেতিয়াবা শাস্তিৰ ৰূপ ল’ব পাৰে বুলি মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ সঞ্জয় কৌলে। উমৰ খাল...

ৰাজনীতি

যুৱ প্ৰজন্মক Gen-Z, Gen-Alpha বুলি ভাগ কৰাৰ প্ৰয়োজন নাই: নীতিন নবীন

বাৰাণসী, ২৮ অক্টোবৰঃ যুৱ প্ৰজন্মক Gen-Z বা Gen-Alpha আদি শ্ৰেণীত ভাগ কৰাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰিছে BJPৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে। তেওঁৰ মতে, যুৱক-যুৱতীসকলক কে...

— ৩ —
NewzNow ই-কাকত২৮ অক্টোবৰ ২০২৬পৃষ্ঠা ৪
দেশ

অপাৰেচন সিন্দূৰৰ পিছত প্ৰথমবাৰ পাকিস্তানী মন্ত্ৰীলৈ দিল্লীৰ নিমন্ত্ৰণ

নতুন দিল্লী, ২৮ অক্টোবৰ: ভাৰত-পাকিস্তানৰ মাজত কূটনৈতিক অস্থিৰতা অব্যাহত থকাৰ মাজতে দিল্লীত অনুষ্ঠিত হ’বলগীয়া ছাংহাই সহযোগিতা সংস্থাৰ (SCO) সভ্যতা-সংস্কৃতি বিষয়ক আলোচনাচ...

অসম

মানকাচৰত বাল্য বিবাহবিৰোধী অভিযান তীব্ৰ, গ্ৰেপ্তাৰৰ সংখ্যা ৫০লৈ বৃদ্ধি

মানকাচৰ, ২৮ অক্টোবৰঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাত বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। নতুনকৈ ৯জন লোকক গ্ৰেপ্তাৰ কৰাৰ পিছত জিলাখনত এই অভিযানত গ্ৰেপ্তাৰ হোৱা...

উত্তৰ-পূৰ্বাঞ্চল

চিয়াং প্ৰকল্পত ৭২ গাঁৱৰ উদ্বেগ, স্থানীয় ৰাইজৰ সৈতে আলোচনাত বহিল অৰুণাচলৰ মন্ত্ৰী

ইটানগৰ: অৰুণাচল প্ৰদেশৰ প্ৰস্তাৱিত ছিয়াং উচ্চ বহুমুখী প্ৰকল্পক লৈ স্থানীয় ৰাইজৰ সৈতে আলোচনা অব্যাহত ৰাখিছে ৰাজ্য চৰকাৰে। প্ৰকল্পটোক লৈ ৰাইজৰ মাজত থকা উদ্বেগৰ প্ৰতি লক্ষ...

অসম

পৰেশ বৰুৱাই অসমৰ বাবেই যুঁজিছে! আলফা (স্বা)ৰ মুৰব্বীক প্ৰশংসা মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ

গুৱাহাটী, ২৮ অক্টোবৰঃ “পৰেশ বৰুৱা কাৰ কাৰণে যুঁজিছে? অসমৰ কাৰণে।” নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা (স্বা)ৰ মুৰব্বী পৰেশ বৰুৱাক প্ৰশংসা কৰি এই মন্তব্য কৰিছে অসম চৰকাৰৰ ম...

— ৪ —
NewzNow ই-কাকত২৮ অক্টোবৰ ২০২৬পৃষ্ঠা ৫
অসম

শ্ৰীভূমিত বিহু দলৰ ওপৰত আক্ৰমণৰ প্ৰতিবাদ, বিহুৰ সাজ হাতত লৈ ক্ষোভ প্ৰকাশ লুৰীণজ্যোতি গগৈৰ

শ্ৰীভূমি, ২৮ অক্টোবৰঃ শ্ৰীভূমিত বিহু দলৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। ঘটনাস্থলীত উপস্থিত হৈ আক্ৰমণত...

অসম

চাকৰিৰ প্ৰলোভনেৰে ডিমাকুছিৰ ব্যৱসায়ীৰ পৰা ৫২ হাজাৰ টকা লুট

ভেৰগাঁও, ২৮ অক্টোবৰঃ চাকৰি দিয়াৰ প্ৰলোভনেৰে ভেৰগাঁৱৰ ডিমাকুছিৰ এগৰাকী ব্যৱসায়ীৰ পৰা প্ৰায় ৫২ হাজাৰ টকা লুট কৰাৰ অভিযোগ উত্থাপন হৈছে। নিজকে হিমাশ্ৰী গোস্বামী বুলি পৰিচয...

অসম

লংকাত শিশু সুৰক্ষা গোটৰ অভিযান, উদ্ধাৰ তিনি শিশু শ্ৰমিক

লংকা, ২৮ অক্টোবৰঃ হোজাই জিলাৰ লংকাৰ উদালী আৰু ফুলতলী অঞ্চলত শিশু সুৰক্ষা গোটে চলোৱা অভিযানত তিনিগৰাকী শিশু শ্ৰমিকক উদ্ধাৰ কৰা হয়। অঞ্চল দুটাৰ কেইবাখনো বিপণীৰ পৰা শিশুকেই...

মনোৰঞ্জন

হাতত বন্দুক, মুখত গোলাপ: ‘কিং’ৰ পোষ্টাৰক লৈ নকলৰ বিতৰ্ক

মুম্বাই, ২৮ অক্টোবৰঃ বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ আগন্তুক একচন ছবি ‘কিং’ৰ নতুন পোষ্টাৰক লৈ ছ’চিয়েল মিডিয়াত বিতৰ্কৰ সৃষ্টি হৈছে। ২৭ অক্টোবৰত প্ৰকাশ কৰা পোষ্টাৰখনৰ সৈত...

— ৫ —
NewzNow ই-কাকত২৮ অক্টোবৰ ২০২৬পৃষ্ঠা ৬
প্ৰযুক্তি

Microsoftৰ ৬০ হাজাৰ কৰ্মচাৰীক স্বেচ্ছাই চাকৰি এৰাৰ প্ৰস্তাৱ

নতুন দিল্লী, ২৭ অক্টোবৰঃ প্ৰযুক্তি প্ৰতিষ্ঠান Microsoft-এ প্ৰায় ৬০ হাজাৰ কৰ্মচাৰীক স্বেচ্ছাই চাকৰি এৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। এই প্ৰস্তাৱৰ অধীনত যোগ্য কৰ্মচাৰীসকলে আৰ্থিক...

দেশ

‘ককৰোচ জনতা পাৰ্টি’ৰ বিৰুদ্ধে ৫০ কোটি টকাৰ ক্ষতিপূৰণৰ আবেদন শুনিবলৈ অস্বীকাৰ দিল্লী উচ্চ ন্যায়ালয়ৰ

নতুন দিল্লী, ২৮ অক্টোবৰঃ দিল্লীত প্ৰতিবাদৰ ফলত সাধাৰণ নাগৰিকৰ অসুবিধা আৰু জনজীৱনত হোৱা ব্যাঘাতৰ অভিযোগ উত্থাপন কৰি ‘ককৰোচ জনতা পাৰ্টি’ৰ (Cockroach Janata Party) বিৰুদ্ধে...

অসম

মৰাণ-মটক জনগোষ্ঠীৰ ভূমি অধিকাৰক লৈ ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বৈঠক, দাবীসমূহ সমাধানৰ ওপৰত গুৰুত্ব

ডিব্ৰুগড়, ২৮ অক্টোবৰঃ অসমৰ মৰাণ আৰু মটক জনগোষ্ঠীৰ ভূমি অধিকাৰকে ধৰি বিভিন্ন সমস্যা আৰু দাবী সন্দৰ্ভত ডিব্ৰুগড়ত জনগোষ্ঠী দুটাৰ বিভিন্ন সংগঠনৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত...

আন্তঃৰাষ্ট্ৰীয়

স্পেইনত দুখন দ্ৰুতবেগী ৰে’লৰ সংঘৰ্ষ, নিহতৰ সংখ্যা ৪৬লৈ বৃদ্ধি

মাদ্ৰিদ, ২৮ অক্টোবৰঃ স্পেইনৰ ট’লেডো প্ৰদেশত দুখন দ্ৰুতবেগী ৰে’লৰ মাজত সংঘটিত ভয়ংকৰ সংঘৰ্ষত নিহতৰ সংখ্যা ৪৬জনলৈ বৃদ্ধি পোৱা বুলি এক প্ৰতিবেদনত প্ৰকাশ পাইছে। দুৰ্ঘটনাটোৰ পা...

— ৬ —
✓

আজিৰ ই-কাকত শেষ হ'ল

২৪টা খবৰ পঢ়িলে। কাইলৈ সন্ধিয়া নতুন সংখ্যা।

PDF ডাউনল'ড ← আগৰ সংখ্যা (২৭ অক্টোবৰ ২০২৬)

খবৰৰ কাটিং