বিভিন্ন সমস্যা সমাধানৰ দাবীৰে মুখ্যমন্ত্ৰীক আজমলৰ সাক্ষাৎ
দিছপুৰ, ১৬ নৱেম্বৰ: এআইইউডিএফৰ সভাপতি তথা ধুবুৰীৰ প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে। এই সময়ত তেওঁৰ লগত দলগাঁও বিধানসভা সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমান উপস্থিত থাকে। সাক্ষাৎকালত ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা উচ্ছেদ অভিযান, উচ্ছেদিত পৰিয়ালৰ পুনৰ...