← ই-কাকত ১ / ১৪
NewzNow
ই-কাকত১৫ নৱেম্বৰ ২০২৬অসম আৰু উত্তৰ-পূৰ্বৰ খবৰ
অসম

অসমত ১,১৬,৯৪৬ ঘোষিত বিদেশীক আটক-বহিষ্কাৰ কৰা হোৱা নাই: উচ্চ ন্যায়ালয়

গুৱাহাটী, ১৫ নৱেম্বৰ: অসমত বিদেশী বুলি ঘোষণা কৰা ১ লাখ ১৬ হাজাৰ ৯৪৬গৰাকী লোকক এতিয়াও আটক কৰি বহিষ্কাৰ কৰিব পৰা হোৱা নাই। বিদেশী নাগৰিকক বহিষ্কাৰ কৰাৰ এই পৰিস্থিতিক ‘অতি উদ্বেগজনক’ বুলি অভিহিত কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ১০ নৱেম্বৰত ন্যায়াধীশ কল্যাণ ৰায় সুৰানা আৰু মৃদুল কুমাৰ কলিতাৰ খণ্ড বিচাৰপীঠে হামিদা বেগম নামৰ এগৰাকী...

ৰাজনীতি

ছোনিয়া গান্ধীৰ কিতাপ কিনিবলৈ ১,২০০ টকা নাইঃ মুখ্যমন্ত্ৰী

১৫ নৱেম্বৰ: কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ সদ্য প্ৰকাশিত গ্ৰন্থখন এতিয়ালৈকে ক্ৰয় কৰা নাই বা পঢ়া নাই বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁৰ হাতত বৰ্তম...

অসম

১৯ নৱেম্বৰৰ ভিতৰত বানপীড়িতক ক্ষতিপূৰণ নিদিলে তীব্ৰ আন্দেলনৰ হুংকাৰ অখিল গগৈৰ

শিৱসাগৰ, ১৫ নৱেম্বৰ: চাৰি মাহ পাছতো বান সাহায্যৰ পৰা বঞ্চিত বহু পৰিয়াল! ১০ লাখ টকাৰ ক্ষতিপূৰণ দাবী অখিল গগৈৰ ১৯ জুলাইৰ বানৰ প্ৰায় চাৰি মাহ উকলি যোৱাৰ পাছতো শিৱসাগৰ, চৰাই...

অসম

“ড০ ৰণোজ পেগু আচল মিচিং নহয়, নকলি মিচিং”: ৰিপুন বৰা

গহপুৰ: মিচিং স্বায়ত্তশাসিত পৰিষদৰ আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি গহপুৰত ৰাজনৈতিক উত্তাপ বৃদ্ধি পোৱাৰ সময়তে শিক্ষা মন্ত্ৰী ড০ ৰণোজ পেগুক লক্ষ্য কৰি বিতৰ্কিত মন্তব্য কৰিছে...

— ১ —
NewzNow ই-কাকত১৫ নৱেম্বৰ ২০২৬পৃষ্ঠা ২
আন্তঃৰাষ্ট্ৰীয়

শ্বেখ হাছিনাৰ বাংলাদেশলৈ প্ৰত্যাৱৰ্তনক লৈ ভাৰতৰ দুটা চৰ্ত!

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক স্বদেশলৈ ঘূৰাই পঠিওৱাৰ ক্ষেত্ৰত ভাৰতৰ দুটা চৰ্ত থাকিব পাৰে বুলি জানিব পৰা গৈছে। অৱশ্যে এই চৰ্তসমূহৰ বিষয়ে ভাৰত চৰকাৰে আনুষ...

ৰাজনীতি

ৰাহুল গান্ধীৰ সন্মুখত ইটালীৰ নেতাৰ ‘ভোট চোৰে গাদী এৰক’ শ্লোগান, বিজেপি-বিআৰএছৰ সমালোচনা

হায়দৰাবাদ, ১৫ নৱেম্বৰ: কংগ্ৰেছে আয়োজন কৰা ‘ভাৰত সন্মিলন ২০২৬’ত ইটালীয় নেতা তথা ইউৰোপীয় ছ’চিয়েলিষ্ট পাৰ্টিৰ মহাসচিব জিয়াকোমো ফিলিবেকে ‘ভোট চোৰ, গাদী এৰক’ বুলি শ্লোগা...

অসম

ৰঙাজান দুৰ্ঘটনা: ট্ৰেভেলাৰখনৰ মালিকক দুদিনৰ আৰক্ষী জিম্মা

কাজিৰঙা, ১৫ নৱেম্বৰ: কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাৰ তদন্তত নতুন মোৰ। দুৰ্ঘটনাটোৰ সৈতে জড়িত ট্ৰেভেলাৰখনৰ মালিক অঞ্জিৰ আলীক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰ...

দেশ

১৯২গৰাকী যাত্ৰী কঢ়িয়াই আনা পুনেৰ পৰা গুৱাহাটী অভিমুখী ইণ্ডিগ’ৰ বিমানত কাৰিকৰী বিজুতি

পুনে, ১৫ নৱেম্বৰ: পুনেৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা হোৱা ইণ্ডিগ'ৰ এখন বিমানত উৰণৰ কিছু সময় পিছতে কাৰিকৰী বিজুতি ধৰা পৰে। পাইলটৰ তৎপৰতাত বিমানখন পুনেৰ বিমানবন্দৰলৈ ঘূৰাই আন...

— ২ —
NewzNow ই-কাকত১৫ নৱেম্বৰ ২০২৬পৃষ্ঠা ৩
দেশ

২০২৪ৰ লোকসভা নিৰ্বাচনৰ বৈধতাক লৈ ৰাহুল গান্ধীৰ প্ৰশ্ন

হায়দৰাবাদ, ১৪ নৱেম্বৰ: ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। শনিবাৰে হায়দৰাবাদত অনুষ্ঠিত ‘ভাৰত...

অসম

'হিমন্ত বিশ্ব শৰ্মাৰ নাম শুনিলেই ভৱিষ্যত প্ৰজন্মই মুখ্যমন্ত্ৰী বুলি ক'বলৈ লাজ কৰিব'-গৰজি উঠিল আমছু

নতুন দিল্লী, ১৫ নৱেম্বৰ: ৩০০ ঘৰৰ ১৭৩ ঘৰতহে উচ্ছেদ চলাইছে চৰকাৰে।১২৭ খন মানুহ মুছলমান নোহোৱাৰ বাবেই উচ্ছেদ নকৰিলে চৰকাৰে।কেৱল মুছলমানকেই কিয় বাছি বাছি অপবাদ দি উচ্ছেদ কৰি...

আন্তঃৰাষ্ট্ৰীয়

মিয়ামি বিমানবন্দৰত দুই বিমানৰ সংঘৰ্ষ, আহত দুজন

মিয়ামি, ১৫ নৱেম্বৰ: আমেৰিকাৰ মিয়ামি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত টেক্সিৱেত চলাচল কৰি থকা অৱস্থাত ইউপিএছৰ এখন কাৰ্গো বিমান আৰু কোপা এয়াৰলাইনছৰ এখন যাত্ৰীবাহী বিমানৰ মাজত...

আন্তঃৰাষ্ট্ৰীয়

তিনি বছৰৰ পাছত ভাৰতলৈ আহিব পাকিস্তানৰ মন্ত্ৰী, ২০–২২ নৱেম্বৰত নতুন দিল্লীত SCO বৈঠক

নতুন দিল্লী, ১৫ নৱেম্বৰ: তিনি বছৰৰো অধিক সময়ৰ বিৰতিৰ পাছত ভাৰত ভ্ৰমণলৈ আহিব পাকিস্তানৰ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী। পাকিস্তানৰ জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশ সমন্বয় মন্ত্ৰী...

— ৩ —
NewzNow ই-কাকত১৫ নৱেম্বৰ ২০২৬পৃষ্ঠা ৪
ৰাজনীতি

‘TMC চৰকাৰে কেৱল মুছলমানকহে সংখ্যালঘু বুলি গণ্য কৰিছিল’—পূৰ্বৰ চৰকাৰক সমালোচনা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ

কলকাতা, ১৫ নৱেম্বৰ: পশ্চিমবংগৰ পূৰ্বৰ তৃণমূল কংগ্ৰেছ চৰকাৰে কেৱল মুছলমান সম্প্ৰদায়কহে সংখ্যালঘু হিচাপে গণ্য কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শুভেন্...

উত্তৰ-পূৰ্বাঞ্চল

মণিপুৰ সীমান্তত ম্যানমাৰৰ নাগৰিক গ্ৰেপ্তাৰ, এ কে-৪৭সহ অস্ত্ৰ উদ্ধাৰ

টেংনৌপাল, ১৫ নৱেম্বৰ: মণিপুৰৰ টেংনৌপাল জিলাৰ ভাৰত-ম্যানমাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত অভিযান চলাই অসম ৰাইফলছে এগৰাকী ম্যানমাৰৰ নাগৰিকক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোকজনৰ পৰা তিনিট...

আন্তঃৰাষ্ট্ৰীয়

মৃত্যুদণ্ডৰ বিশ্বজুৰি স্থগিতাদেশৰ ৰাষ্ট্ৰসংঘৰ UNGAত প্ৰস্তাৱত ভাৰতৰ বিৰোধিতা

মৃত্যুদণ্ড কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বিশ্বজুৰি স্থগিতাদেশ জাৰি কৰাৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত উত্থাপিত প্ৰস্তাৱৰ বিৰোধিতা কৰিছে ভাৰতে। মৃত্যুদণ্ডৰ বিৰুদ্ধে কোনো আন্তঃৰা...

দেশ

অমিতাভ বচ্চনৰ বাসগৃহৰ সন্মুখত গুলীচালনাৰ পৰিকল্পনাৰ অভিযোগত দুজন গ্ৰেপ্তাৰ

অমিতাভ বচ্চনৰ বাসগৃহৰ সন্মুখত গুলীচালনাৰ পৰিকল্পনা কৰাৰ অভিযোগত দিল্লী আৰক্ষীৰ বিশেষ কোষে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা লোক দুজনৰ এজন অমৃতসৰৰ ইনষ্টাগ্ৰামৰ প্ৰ...

— ৪ —
NewzNow ই-কাকত১৫ নৱেম্বৰ ২০২৬পৃষ্ঠা ৫
দেশ

‘ইছলামৰ পৰা শিক্ষা লোৱা উচিত হিন্দুসকলে’—ইছলামৰ পৰা কি শিক্ষা ল'বলৈ হিন্দুসকলক ক'লে বিধায়ক ৰাজা ভাইয়াই ?

লক্ষ্ণৌ, ১৫ নৱেম্বৰ: হিন্দুসকলৰ মাজত ঐক্য গঢ়ি তোলাৰ ক্ষেত্ৰত ইছলাম ধৰ্মৰ পৰা শিক্ষা লোৱা উচিত বুলি মন্তব্য কৰিছে উত্তৰ প্ৰদেশৰ বিধায়ক তথা জনসত্তা দল (লোকতান্ত্ৰিক)ৰ মুৰ...

দেশ

অমৃতপাল সিঙৰ পেৰ’লৰ দিন সলনিৰ আবেদন গ্ৰহণ নকৰিলে ডিব্ৰুগড় কাৰাগাৰ কৰ্তৃপক্ষই: অধিবক্তা

ডিব্ৰুগড়, ১৫ নৱেম্বৰ: আইতাকৰ শেষকৃত্যত অংশগ্ৰহণৰ বাবে আদালতৰ পৰা এদিনৰ কাৰাবন্দী পেৰ’ল লাভ কৰিও উপস্থিত থাকিব নোৱাৰিলে খাডুৰ চাহিবৰ সাংসদ অমৃতপাল সিং। এই ঘটনাক কেন্দ্ৰ ক...

দেশ

ভাৰত ছামিটক লৈ কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ ‘বিদেশী নেটৱৰ্ক’ৰ অভিযোগ

হায়দৰাবাদত অনুষ্ঠিত ভাৰত ছামিট ২০২৬ক কেন্দ্ৰ কৰি বিজেপি আৰু কংগ্ৰেছৰ মাজত ৰাজনৈতিক সংঘাত তীব্ৰ হৈ পৰিছে। বিজেপিয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে বিদেশী শক্তি আৰু জ...

দেশ

হাউছ ছাৰ্জনক যৌন নিৰ্যাতনৰ অভিযোগত কেৰালাত চিকিৎসক আটক

তিৰুৱনন্তপুৰম, ১৪ নৱেম্বৰ: কেৰালাৰ এখন চৰকাৰী চিকিৎসালয়ত কৰ্মৰত এগৰাকী হাউছ ছাৰ্জনক যৌন নিৰ্যাতনৰ অভিযোগত চিকিৎসক ডাঃ ভি কে বিনুক আটক কৰিছে আৰক্ষীয়ে। শনিবাৰে নিশা প্ৰায...

— ৫ —
NewzNow ই-কাকত১৫ নৱেম্বৰ ২০২৬পৃষ্ঠা ৬
অসম

‘দিমাগী নক্সাল’ সকলক শিক্ষা দিয়া হ'ব: নীতিন নবীন

ৰায়গড়, ১৫ নৱেম্বৰ: দেশত সশস্ত্ৰ নক্সালবাদীসকলক নিৰ্মূল কৰা হৈছে যদিও বিভিন্ন সংগঠনৰ নেতৃত্বৰ স্থানত এতিয়াও ‘দিমাগী নক্সাল’ সক্ৰিয় হৈ আছে বুলি মন্তব্য কৰিছে বিজেপিৰ ৰা...

অসম

কপালত চকু, নাকবিহীন মুখমণ্ডল! ওদালগুৰিত অদ্ভুত আকৃতিৰ ছাগলী পোৱালিৰ জন্ম

ভেৰগাঁও, ১৫ নৱেম্বৰ: ওদালগুৰি জিলাৰ ৰজাগড়ৰ ধৰমজুলিত এজনী ছাগলীয়ে অস্বাভাৱিক আকৃতিৰ পোৱালি জন্ম দিয়াক লৈ অঞ্চলটোত কৌতূহলৰ সৃষ্টি হৈছে। ধৰমজুলিৰ যাদৱ দাসৰ ঘৰত ছাগলীজনীয়...

অসম

হৃষীকেশ গোস্বামীলৈ ‘কথাৰত্ন’ বঁটা

পাঠশালা, ১৫ নৱেম্বৰ: অসম শিশু সাহিত্য ন্যাসৰ সচিব তথা বিশিষ্ট সাহিত্যিক হৃষীকেশ গোস্বামীক দেওবাৰে ‘কথাৰত্ন’ বঁটা প্ৰদান কৰা হয়। বজালীৰ স্বেচ্ছাসেৱী সংগঠন গ্ৰীন মিছন বজাল...

অসম

নাজিৰাত অ'এনজিচিৰ পাইপ ফাটি বিষাক্ত গেছ নিৰ্গত, আতংকিত স্থানীয় ৰাইজ

নাজিৰা, ১৫ নৱেম্বৰ: শিৱসাগৰ জিলাৰ নাজিৰাত অ'এনজিচিৰ গেছ পৰিবাহী পাইপ ফাটি বিষাক্ত গেছ নিৰ্গত হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে। পাইপটোৰ পৰা...

— ৬ —
NewzNow ই-কাকত১৫ নৱেম্বৰ ২০২৬পৃষ্ঠা ৭
অসম

হঠাৎ ৰণক্ষেত্ৰত পৰিণত হ'ল খেলপথাৰ, উত্তপ্ত পৰিস্থিতিত আৰক্ষীৰ লাঠীচালনা

মানকাছাৰ, ১৫ নৱেম্বৰ: খেলপথাৰত হঠাৎ উত্তপ্ত পৰিস্থিতি, ৰণক্ষেত্ৰত পৰিণত পৰিৱেশ! মানকাছাৰত আৰক্ষীৰ লাঠীচালনা। এজন ছাত্ৰই এখন চাৰিচকীয়া বাহন ক্ষতিগ্ৰস্ত কৰাৰ অভিযোগক কেন্দ...

অসম

‘Guns N’ Roses’ ৰ কনচাৰ্টক লৈ গুৱাহাটীত বিশেষ যান-বাহন নিৰ্দেশনা

গুৱাহাটী, ১৫ নৱেম্বৰ: বিশ্ববিখ্যাত আমেৰিকান হাৰ্ড ৰক বেণ্ড ‘গানছ এন’ ৰোজেছ’ৰ ১৭ নৱেম্বৰৰ কনচাৰ্টক কেন্দ্ৰ কৰি মহানগৰ যান-বাহন আৰক্ষীয়ে বিশেষ যান-বাহন ব্যৱস্থা গ্ৰহণ কৰিছ...

অসম

‘১০ বছৰত ডাবল ইঞ্জিন চৰকাৰৰ দিনত দুগুণ দুৰ্নীতি আৰু লুণ্ঠন চলাইছে চৰকাৰে’ – অখিলেশ যাদৱ

আগ্ৰা, ১৫ নৱেম্বৰ: ‘১০ বছৰত ডাবল ইঞ্জিন চৰকাৰৰ দিনত দুগুণ দুৰ্নীতি আৰু লুণ্ঠন চলাইছে চৰকাৰে’ । বিগত ১০ বছৰত ‘ডাবল ইঞ্জিন’ চৰকাৰৰ শাসনকালত দুগুণ দুৰ্নীতি আৰু লুণ্ঠন চলিছে...

অসম

ডিমৰীয়াৰ ৬ সমষ্টি কৰ্তনৰ বিৰোধিতাত ১৮ সংগঠনৰ আইনী আৰু গণতান্ত্ৰিক আন্দোলনৰ সিদ্ধান্ত

ডিমৰীয়া, ১৪ নৱেম্বৰ: তিৱা স্বায়ত্ব পৰিষদৰ ডিমৰীয়াৰ ৬টা সমষ্টি কৰ্তনৰ প্ৰস্তাৱৰ বিৰুদ্ধে আইনী যুঁজ অব্যাহত ৰখাৰ লগতে শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত ল...

— ৭ —
NewzNow ই-কাকত১৫ নৱেম্বৰ ২০২৬পৃষ্ঠা ৮
অসম

গাৰুঘুলিত পাহাৰ খনন বন্ধ কৰিলে বন বিভাগে

গুৱাহাটী, ১৫ নৱেম্বৰ: মহানগৰীৰ গড়চুকৰ গাৰুঘুলিত পাহাৰ খনন। ঘৰ নিৰ্মাণৰ বাবে একাংশ লোকে কাটিছে পাহাৰৰ মাটি। পাহাৰৰ মাটি কাটি থকা অৱস্থাতে উপস্থিত বন বিভাগৰ লোক। বন বিভাগৰ...

অসম

গুৱাহাটীত ৫ দিনীয়া জনজাতীয় মেলা, ২০২৭ত জনজাতীয় সংগ্ৰহালয় স্থাপনৰ ঘোষণা ৰণোজ পেগুৰ

গুৱাহাটী, ১৫ নৱেম্বৰ: গুৱাহাটীত ৫ দিনীয়া জনজাতীয় মেলা, ২০২৭ত জনজাতীয় সংগ্ৰহালয় স্থাপনৰ ঘোষণা ৰণোজ পেগুৰ অসমৰ শিক্ষা আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰী ড° ৰণোজ পেগুৱে ২০২৭ চন...

অসম

জাগীৰোডত একশৰণ মহাপুৰুষীয়া সমাজৰ নৱম প্ৰতিষ্ঠা দিৱস পালন

জাগীৰোড, ৩ নৱেম্বৰ: জাগীৰোডৰ হাতীউঠা বৰনলনী পথাৰ শংকৰী কলা-কৃষ্টি কেন্দ্ৰৰ বৰ নামঘৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে একশৰণ মহাপুৰুষীয়া সমাজৰ নৱম সংখ্যক প্ৰতিষ্ঠা দিৱস আ...

অসম

'কংগ্ৰেছৰ চৰিত্ৰ দুমুখীয়া, কংগ্ৰেছৰ দিনত SIR হ’লে কংগ্ৰেছে তাক ন্যায্যতা দিয়ে। আৰু বিজেপিয়ে SIR আনিলে বিৰোধ কৰে

১৫ নৱেম্বৰ: ভোটাৰ তালিকাৰ বিশেষ সংশোধন প্ৰক্ৰিয়া অৰ্থাৎ এছআইআৰক লৈ কংগ্ৰেছৰ বিৰোধিতাৰ সমালোচনা কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই। কংগ্ৰেছৰ চৰিত্ৰ দুমুখীয়া বুল...

— ৮ —
NewzNow ই-কাকত১৫ নৱেম্বৰ ২০২৬পৃষ্ঠা ৯
অসম

দলঙৰ খহি পৰা আৰু নিৰ্মাণকাৰ্যত অনিয়মৰ অভিযোগ! অসমত ১০গৰাকী গড়কাপ্তানী অভিযন্তা নিলম্বিত

শিলচৰ, ১৫ নৱেম্বৰ: পেছাগত গাফিলতি, নিম্নমানৰ নিৰ্মাণকাৰ্য আৰু কেইবাখনো দলং খহি পৰাৰ সৈতে জড়িত অনিয়মৰ অভিযোগত ৰাজ্য চৰকাৰে গড়কাপ্তানী বিভাগৰ ১০গৰাকী অভিযন্তাক নিলম্বন ক...

অসম

শ্ৰীভূমিৰ অনুকূল সাগৰ পুখুৰীত মহাদেৱৰ বিশাল মূৰ্তি উন্মোচন

শ্ৰীভূমি: পৰ্যটকক আকৰ্ষণ কৰাৰ লক্ষ্যৰে শ্ৰীভূমি চহৰৰ অনুকূল সাগৰ পুখুৰীত দেবাদিদেৱ মহাদেৱৰ এক বিশালাকাৰ মূৰ্তি স্থাপন কৰা হৈছে। দেওবাৰে শ্ৰীভূমি পৌৰসভাৰ উদ্যোগত বৈদিক মন্...

অসম

সোণাপুৰৰ ১৪ মাইলত মুকলি জুৱাৰ বেহা!

সোণাপুৰ, ১৫ নৱেম্বৰ: ৰাজ্যত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতে সোণাপুৰৰ ১৪ মাইলত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত মুকলিকৈ জুৱাৰ আড্ডা চলাৰ অভিযোগ উত্থাপন হৈছে। অভিয...

অসম

কাজিৰঙাৰ পথ দুৰ্ঘটনাত আহত দুগৰাকীৰ স্বাস্থ্যৰ উন্নতি, JMCHৰ পৰা ঘৰলৈ যোৱাৰ অনুমতি

১৫ নৱেম্বৰ: কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত দুগৰাকী ব্যক্তিৰ স্বাস্থ্যৰ উন্নতি ঘটিছে। যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ জেএমচিএইচত চিকিৎসাধীন দুয়োগৰা...

— ৯ —
NewzNow ই-কাকত১৫ নৱেম্বৰ ২০২৬পৃষ্ঠা ১০
অসম

BTCৰ ‘টপ টেন’ বাছনিক লৈ BPF চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ, তালিকাৰ পৰা বাদ পৰা ৩ ছাত্ৰ-ছাত্ৰী

১৫ নৱেম্বৰ ২০২৬,ভেৰগাঁওবিটিচিৰ ‘টপ টেন’ত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ তালিকা আৰু আৰ্থিক সাহায্য প্ৰদানক কেন্দ্ৰ কৰি বিপিএফ চৰকাৰৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ উত্থাপন হৈছে। এগৰ...

অসম

জামুগুৰিহাটৰ তৌভঙাৰ নবিল বহিমৰা ঘাটত ছট পূজা উদযাপন

জামুগুৰিহাট, ১৫ নৱেম্বৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ জামুগুৰিহাটতো ছট পূজা উৎসৱ উদযাপন কৰা হৈছে। জামুগুৰিহাটৰ তৌভঙাৰ নবিল বহিমৰা ঘাটত আদৰ্শ নৱযুৱক ছট পূজা উদযাপন...

প্ৰযুক্তি

চীনত সম্পূৰ্ণ বৈদ্যুতিক বিমান চিই-২৫এৰ প্ৰথম মানৱচালিত উৰণ সম্পন্ন

বেইজিং, ১৫ নৱেম্বৰ: চীনৰ বিমান নিৰ্মাণ প্ৰতিষ্ঠান কমাকে নিৰ্মাণ কৰা সম্পূৰ্ণ বৈদ্যুতিক বিমান চিই-২৫এৰ প্ৰথম মানৱচালিত উৰণ সফলতাৰে সম্পন্ন হৈছে। দুগৰাকী পাইলট আৰু এগৰাকী য...

প্ৰযুক্তি

ইতিহাস ৰচিলে ইলন মাস্কৰ spaceXয়ে; মহাকাশলৈ পঠিওৱা ষ্টাৰশ্বিপ যান ঘূৰি অহাৰ পাছত আকাশমাৰ্গতেই সফলতাৰে ধৰিলে SpaceX-এ

টেক্সাছ, ১৫ নৱেম্বৰ: মহাকাশ অভিযানৰ ইতিহাসত নতুন অভিলেখ গঢ়িছে এলন মাস্কৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠান স্পেছএক্সে। প্ৰথমবাৰৰ বাবে কক্ষপথলৈ গৈ পুনৰ পৃথিৱীলৈ উভতি অহা ষ্টাৰশ্বি...

— ১০ —
NewzNow ই-কাকত১৫ নৱেম্বৰ ২০২৬পৃষ্ঠা ১১
অসম

পৰিকল্পিত হত্যা নে আন কিবা? বাহনৰ ভিতৰতে উদ্ধাৰ চালকৰ মৃতদেহ

জাগীৰোড, ১৫ নৱেম্বৰ: জাগীৰোডৰ মনহাতত দেওবাৰে পুৱা পথৰ কাষৰ এটা দ খাৱৈত পৰি থকা নিজৰ ছুইফ্ট বাহনৰ ভিতৰত এজন চালকৰ মৃতদেহ উদ্ধাৰ হৈছে। মৃত চালকজনক মৰিগাঁও জিলাৰ দলবাৰীৰ আশ্...

অসম

এটিএমৰ পৰা ওলাল ৫০০ টকীয়া জাল নোট, বেংকত জমা ধন সুৰক্ষিত নহয় নেকি?

পাঠশালা, ১৫ নৱেম্বৰ: এটিএমৰ পৰা ওলাল ৫০০ টকীয়া জাল নোট, বেংকত জমা ধন সুৰক্ষিত নহয় নেকি? বজালী জিলাৰ পাঠশালাৰ মাজমজিয়াত থকা ইউনিয়ন বেংকৰ এটা এটিএমৰ পৰা ৫০০ টকীয়া জাল ন...

অসম

ধন দাবীৰ অভিযোগত মণিপুৰত নিষিদ্ধ সংগঠনৰ তিনি সদস্যক গ্ৰেপ্তাৰ

মণিপুৰ আৰক্ষীয়ে পৃথক অভিযান চলাই নিষিদ্ধ উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত তিনিজন সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰিছে। ধন দাবীৰ অভিযোগত ১২ আৰু ১৩ নৱেম্বৰত এই অভিযানসমূহ চলোৱা হয়।...

অসম

লক্ষীপুৰ থানাৰ খিৰিকীৰ গ্ৰীল ভাঙি দুই অভিযুক্তৰ পলায়ন

গোৱালপাৰা, ১৫ নৱেম্বৰ: গোৱালপাৰা জিলাৰ লক্ষীপুৰ আৰক্ষী থানাৰ জিম্মাৰ পৰা দুজন অভিযুক্ত পলায়ন কৰাৰ অভিযোগ উঠিছে। খিৰিকীৰ গ্ৰীল ভাঙি দুয়ো অভিযুক্ত পলাই যায় বুলি জানিব পৰ...

— ১১ —
NewzNow ই-কাকত১৫ নৱেম্বৰ ২০২৬পৃষ্ঠা ১২
অসম

বানপানীৰ বিপদাশংকা চিনাক্ত কৰিবলৈ অসমত আনা হ'ব নতুন আইন, বৈজ্ঞানিক পদ্ধতিৰে হ’ব ব্ৰহ্মপুত্ৰ-বৰাক অৱবাহিকাৰ মানচিত্ৰ প্ৰস্তুত

গুৱাহাটী, ১৫ নৱেম্বৰ: অসমৰ বানপানী আৰু গৰাখহনীয়াৰ সমস্যা মোকাবিলা কৰাৰ লগতে পৰিকল্পিত উন্নয়নৰ লক্ষ্যৰে ‘অসম বানপানী সমভূমি অঞ্চল নিৰ্ধাৰণ বিধেয়ক, ২০২৬’ প্ৰস্তাৱ কৰা হৈ...

অসম

হামৰেণত নাবালিকাক দীৰ্ঘদিন ধৰি যৌন নিৰ্যাতনৰ অভিযোগ

হামৰেণ: পশ্চিম কাৰ্বি আংলঙৰ সদৰ চহৰ হামৰেণত এগৰাকী নাবালিকাৰ ওপৰত দীৰ্ঘদিন ধৰি যৌন নিৰ্যাতন চলোৱাৰ এক গুৰুতৰ অভিযোগ পোহৰলৈ আহিছে। অভিযোগ অনুসৰি, এজন লোকে প্ৰায় দুবছৰ ধৰি...

অসম

মাধ্যমিকত বিদ্যাঅসমত মাধ্যমিক স্তৰত বিদ্যালয় এৰা শিক্ষাৰ্থীৰ হাৰ ১৪.৩ শতাংশলৈ হ্ৰাস, তথাপি ৰাষ্ট্ৰীয় গড়তকৈ অধিক

গুৱাহাটী, ১৫ নৱেম্বৰ: অসমত মাধ্যমিক স্তৰৰ নৱম আৰু দশম শ্ৰেণীত বিদ্যালয় এৰা শিক্ষাৰ্থীৰ হাৰ ১৪.৩ শতাংশলৈ হ্ৰাস পাইছে। কিন্তু এই হাৰ ৰাষ্ট্ৰীয় গড় ৯.৫ শতাংশতকৈ এতিয়াও যথ...

উত্তৰ-পূৰ্বাঞ্চল

ৱাংগালা উৎসৱত গিনিজ বিশ্ব অভিলেখ

চিব্ৰাগ্ৰে, ১৪ নৱেম্বৰ: মেঘালয়ৰ গাৰো হেৰিটেজ ভিলেজত অনুষ্ঠিত ১০০ ড্ৰামছ ৱাংগালা উৎসৱে গিনিজ বিশ্ব অভিলেখত স্থান লাভ কৰিছে। শনিবাৰে ১,০০০জন পৰম্পৰাগত ঢোলবাদক আৰু ৩,০০০জন...

— ১২ —
NewzNow ই-কাকত১৫ নৱেম্বৰ ২০২৬পৃষ্ঠা ১৩
অসম

অন্তিম এদিনীয়াত ২২ ৰানত নিউজিলেণ্ডক পৰাস্ত কৰি শৃংখলা জয় ভাৰতৰ, উজলিল ভাৰতীয় বলাৰ

মাউণ্ট মাউংগানুই, ১৫ নৱেম্বৰ: বে’ অভেলত অনুষ্ঠিত পঞ্চম তথা অন্তিম এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচত নিউজিলেণ্ডক ২২ ৰানত পৰাস্ত কৰি ভাৰতে পাঁচখনীয়া শৃংখলা ৩-১ ব্যৱধানত জয় কৰ...

অসম

অৰ্শদীপ-ছিৰাজৰ দশম উইকেটৰ যুটিৰে ভাৰতৰ ২২ ৰানৰ জয়

মাউণ্ট মাউংগানুই, ১৫ নৱেম্বৰ: নিউজিলেণ্ডৰ বিৰুদ্ধে পঞ্চম তথা অন্তিম এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচত ২২ ৰানত জয়লাভ কৰি ভাৰতে পাঁচখনীয়া শৃংখলাটো ৩-১ ব্যৱধানত নিজৰ দখললৈ আনিছে।...

— ১৩ —
✓

আজিৰ ই-কাকত শেষ হ'ল

৫০টা খবৰ পঢ়িলে। কাইলৈ সন্ধিয়া নতুন সংখ্যা।

🧠 আজিৰ কুইজ খেলক PDF ডাউনল'ড ← আগৰ সংখ্যা (১৪ নৱেম্বৰ ২০২৬)

খবৰৰ কাটিং