শিৱসাগৰ: অৱশেষত বেদখলমুক্ত কৰাৰ লক্ষ্যৰে ঐতিহাসিক যমুনা খাৱৈত উচ্ছেদ অভিযান আৰম্ভ কৰিছে শিৱসাগৰ জিলা প্ৰশাসনে। আটাছুৰ ধাৰাবাহিক প্ৰতিবাদ আৰু দীৰ্ঘদিনীয়া দাবীৰ পিছতে আজিৰে পৰা প্ৰশাসনে এই অভিযান আৰম্ভ কৰে।
উল্লেখ্য যে, ঐতিহাসিক যমুনা খাৱৈৰ মুঠ ভূমিৰ পৰিমাণ আছিল ১২০ বিঘা ১ কঠা ৯ লোচা। ইয়াৰে প্ৰায় ৪০ বিঘা ভূমি বেদখল হৈ থকাৰ তথ্য পোহৰলৈ আহিছে।
যমুনা খাৱৈৰ ভূমি বেদখল কৰি নিৰ্মাণ কৰা ঘৰ, শৌচাগাৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ উচ্ছেদৰ লক্ষ্য লৈছে প্ৰশাসনে। ইতিমধ্যে কেইবাটাও পৰিয়ালে নিজাববীয়াকৈ শৌচাগাৰ আৰু বাসগৃহৰ দেৱাল ভাঙি আঁতৰাইছে।
দীৰ্ঘদিন ধৰি ঐতিহাসিক যমুনা খাৱৈৰ বেদখল উচ্ছেদৰ দাবী জনাই আহিছিল টাই আহোম ছাত্ৰ সন্থাই। সংগঠনটোৰ ধাৰাবাহিক প্ৰতিবাদৰ পিছতে অৱশেষত প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰিছে।
ঐতিহাসিক তথ্য অনুসৰি, স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল, দেৱীদৌল, বিষ্ণুদৌল আৰু বৰপুখুৰীৰ কাষে কাষে খন্দোৱা হৈছিল এই যমুনা খাৱৈ।