গুৱাহাটী: বিদ্যুতৰ মাচুল বৃদ্ধিৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ অসম ছাত্ৰ সন্থাই (আছু)। সংগঠনটোৰ আহ্বানমৰ্মে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও আৰু শিৱসাগৰতো উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আছুৰ কৰ্মীসকলে।

শিৱসাগৰ নগৰৰ ফুকন নগৰস্থিত বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আছুৰ কৰ্মীসকলে। প্ৰতিবাদকাৰীসকলে বিদ্যুৎ বিভাগৰ প্ৰতিকৃতি দাহ কৰি মাচুল বৃদ্ধিৰ সিদ্ধান্তৰ বিৰুদ্ধে শ্লোগান দিয়ে। প্ৰতিবাদৰ সময়তে আছু কৰ্মী আৰু আৰক্ষীৰ মাজত হতাহতিৰ সৃষ্টি হয়।

ইফালে, মৰিগাঁৱতো আছুৰ মৰিগাঁও সদৰ গোটৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্ৰতিবাদকাৰীসকলে বিদ্যুৎ বিভাগৰ প্ৰতিকৃতি দাহ কৰি অসম চৰকাৰ আৰু শক্তি বিভাগৰ বিৰুদ্ধে শ্লোগান দিয়ে।

বিদ্যুতৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে প্ৰতিবাদকাৰীসকলে। ৰাজ্যজুৰি ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আছুৱে বৰ্ধিত বিদ্যুৎ মাচুলক লৈ চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে।