দুলীয়াজান, ১৬ নৱেম্বৰ: দুলীয়াজানৰ কমলাবাৰী অঞ্চলত একেটা পৰিয়ালৰ তিনিগৰাকী সদস্যক হত্যাৰ ঘটনাত আৰক্ষীয়ে ৰাজু দাস নামৰ এজন যুৱকক মূল সন্দেহযুক্ত অভিযুক্ত হিচাপে চিনাক্ত কৰিছে। সোধা-পোছাৰ বাবে আৰক্ষীয়ে তেওঁৰ পিতৃক আটক কৰিছে।

সোমবাৰে মৃতদেহ উদ্ধাৰ হোৱা লোককেইগৰাকী হৈছে অইল ইণ্ডিয়া লিমিটেডৰ অৱসৰপ্ৰাপ্ত বিষয়া চন্দ্ৰকান্ত ভূঞা, তেওঁৰ পত্নী এলিজা ভূঞা আৰু ২৬ বছৰীয়া কন্যা নীহাৰিকা ভূঞা।

আৰক্ষীৰ তথ্য অনুসৰি, ৰাজু দাস বিগত প্ৰায় ৭ বছৰ ধৰি চন্দ্ৰকান্ত ভূঞাৰ ঘৰত ভাৰাতীয়া হিচাপে আছিল। মৃতদেহ উদ্ধাৰৰ পাছৰে পৰা তেওঁৰ মোবাইল ফোন বন্ধ হৈ আছে।

ঘটনাৰ পাছৰে পৰা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ঘটনাস্থলীত আলমাৰী খোলা অৱস্থাত থকাৰ লগতে চিচিটিভি সংযোগ বিচ্ছিন্ন হৈ থকাৰ তথ্যও আৰক্ষীয়ে লাভ কৰিছে। চুৰি বা ডকাইতিৰ দিশটোও তদন্তৰ আওতালৈ অনা হৈছে।

তিনিওগৰাকী লোকৰ মৃত্যুৰ প্ৰকৃত কাৰণ আৰু ঘটনাৰ আঁৰৰ ৰহস্য এতিয়াও স্পষ্ট হোৱা নাই। পলাতক সন্দেহযুক্ত অভিযুক্তক বিচাৰি আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰিছে।