‘মোদী এগৰাকী মহান নেতা, সকলোৱে তেওঁক সন্মান কৰে’- প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসা ড’নাল্ড ট্ৰাম্পৰ
মানিলা, ১৭ নৱেম্বৰ: কোৱাডৰ নেতাসকলৰ সৈতে হোৱা বৈঠকত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। মঙলবাৰে ফিলিপাইনছৰ ৰাজধানী মানিলাত ট্ৰাম্পে মোদীক ‘কঠোৰ মনৰ ব্যক্তি’, ‘মহান নেতা’ আৰু নিজৰ বন্ধু বুলি অভিহিত কৰে। “তেওঁ এগৰাকী শক্তিশালী মনৰ ব্যক্তি। তেওঁ মোৰ বন্ধু। তেওঁ এগৰাকী মহান নেতা আৰু স...